Friday, June 27, 2014

বাকলি নথকা গছ


সাৰুৱা উপত্যকাটিত পৰি আছে
অসংখ্য গছ৷
যদিওবা কুঁহিপাতবোৰ সেউজীয়া
অৰণ্যখন ৰং-বিৰঙী৷
প্ৰতিজোপা গছৰে আছে
একো একোটা নিজা সপোন৷

গোলকীয় আধুনিকতাৰ প্ৰভাৱ
অৰণ্যখনতো পৰিছে
সেইবাবেই চাগে'
কুঁহিপাতৰ পৰাই গছবোৰে সলাইছে
পাতৰ বৰণ
কোনোজোপাই যদি সানি লৈছে ৰঙা
কোনোজোপাই আকৌ কৰি লৈছে জেতুকা বৰণীয়া
ডালবোৰেও পিন্ধি লৈছে
আধুনিক অলংকাৰ
যদিও সেইবোৰ পৰজীৱি ৰঘুমলা
ফেশ্বনৰ বাবেই চেক্ৰিফাইচ কৰি লৈছে গছবোৰে
উপায়তো নাই
যুগৰ লগত চলিবই লাগিব৷

গা-গছবোৰ বগা, ঢকঢকীয়া
গোলকীয় উত্তাপত
কমি আহিছে সহন ক্ষমতা
সেয়েহে খুলি থৈছে বাকলিবোৰ
যদিও বাকলিবোৰ খুলি
গছবোৰ হৈ পৰিছে লঠঙা
গৰমৰ নামতেই এইখিনি চেক্ৰিফাইচ
আৰু অলপ ফেশ্বনৰ বাবে
সেয়েহে খুলি লৈছে আৱৰণবোৰ
কলিতে ফুলবোৰৰ গুছাই লৈছে
পাহিৰ আচ্ছাদনবোৰ
কিন্তু সেয়াই আকৰ্ষণীয় কৰি
উত্ৰাৱল কৰি তুলিছে
গাভৰু গছবোৰক৷

গছবোৰে যিয়েই নকৰক,
অৰণ্য কিন্তু এতিয়াও জীয়াই আছে৷
যদিও,
মানুহৰ দৰে গছৰ নাই লাজ
শ্ৰদ্ধা ভক্তিৰ ভৰত দো নাখায় গছবোৰ
অত্যুৎসাহী হৈ পৰিবলৈ
গছৰ নাই বিবেক,
তথাপি ই হৈ পৰা নাই অপতৃণ
স্থিৰ হৈয়েই আছে গছ
স্থিৰ হৈয়েই আছে অৰণ্য৷
কদাপি বগুৱা বাই ঘূৰি ফুৰা নাই গছ
সৰীসৃপ হৈ হোৱা নাই আলিংগণৰত৷

মহানগৰীৰ মহাৰণ্য কিন্তু হৈ পৰিছে
বৰণ সলোৱা অৰণ্যতকৈও অধিক ঘন, ভয়লগা
পাহাৰ ভৈয়াম বগাই
যেনিয়ে তেনিয়ে ঘূৰি ফুৰিছে অপতৃণবোৰ
ৰাজপথেৰে সৰীসৃপৰ দৰে একা-বেঁকা গতিৰে
আলিংগণৰত হৈ বগুৱা বাই গৈছে অৰণ্যবোৰ
আধুনিকতাৰ ভৰত
ফেশ্বনৰ নামত
কামনা বাসনাত মত্ত হৈ
দুঠেঙীয়া গছবোৰ ক্ৰমান্বয়ে হৈ পৰিছে
বাকলি নথকা গছ৷


[ৰচনাকালঃ ১২ মে', ২০১৪]

No comments:

Post a Comment