Saturday, May 14, 2016

গনৰাজ্য দিৱস আৰু বাপুঃ কিছু চিন্তা



দুদিনমান আগতে এটা ভিডিও শ্বেয়াৰ কৰিছিলোঁ, স্বাধীনতাৰ সোৱাদ লব নৌপাওতেই ক্ষমতাৰ খোৱামকৰাত ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰাৰ আঁৰৰ কাহিনীক লৈ৷ তাৰে বহুবছৰৰ আগেয়ে মহাত্মা গান্ধী মোৰ বাবে এগৰাকী একাচেকা ব্যক্তি আছিল, যিয়ে স্বাধীনতাৰ নামত ভাৰতবাসীলৈ অন্য এক পৰাধীনতা নমাই আনিছিল বুলি ধাৰণা কৰিছিলোঁ৷ কিন্তু সেই ধাৰণা সঁচা নহয় বুলি প্ৰমাণ কৰিবলৈ তথ্যৰ ৰূপত মোৰ ওচৰলৈ আহিছিল দেশ বিভাজনৰ সময়ত গান্ধীয়ে কোৱা কথাষাৰ "মই এনেকুৱা এখন ভাৰতবৰ্ষৰ বাবে স্বাধীনতা বিচৰা নাছিলোঁ"৷ সেই আৰম্ভণিকেই সমল হিচাপে লৈ মহাত্মা গান্ধীৰ বিষয়ে সদায় জানিবলৈ চেষ্টা কৰোঁ আৰু প্ৰতিবাৰেই একো একোটা যোগাত্মক দিশ মোৰ ওচৰত মুকলি হৈ যায়৷ দেশৰ প্ৰতিটো গণৰাজ্য দিৱস অথবা স্বাধীনতা দিৱসত সেই বাবেই হয়তো গান্ধীজীলৈ মনত পেলোৱাৰ সুবিধা এটি পাই যাওঁ, আজি যিদৰে ৰাজনৈতিক প্ৰেক্ষাপটত গান্ধীজীৰ ওপৰত নিৰ্মীত চলচ্চিত্ৰ 'গান্ধী' চোৱাৰ সুবিধা পালোঁ৷ ছবিখনৰ পৰা জানিবলগা কথা বহুকেইটাই পালোঁ, যিদৰে পালোঁ আৰু বহু কথা জানিবলৈ প্ৰেৰণা৷ ধন্যবাদ বাপু৷ তোমাৰ ত্যাগৰ মূল্য দিব পৰাকৈ যোগ্য হোৱাৰ বাবে আমাক সততা দিয়া, আদৰ্শ গঠনৰ বাবে আশীৰ্বাদ দিয়া৷

[ৰচনাকালঃ ২৭ জানুৱাৰী, ২০১৫]

No comments:

Post a Comment